প্ৰতিটো জাতিৰে নিজা নিজা সংস্কৃতি অথবা পৰম্পৰাৰ
মাজেৰে জাতিটোৰ জাতীয় সত্তা প্ৰতিভাত হয় । বিহুগীত অসমীয়া লোক সাহিত্যৰ এটি অমূল্য সম্পদ
বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি এই অসম দেশ । ইয়াৰ বুকুত আছে জাতিৰ প্ৰাণৰ স্পন্দন আৰু
সমাজৰ প্ৰতিচ্ছবি ।
বহুগীত বুলিলেই মনটোৱে ঢাপলি মেলে ৰঙালী বহুৰ
সময়ৰ নৃত্য-গীতৰ কথা ।বহাগ বিহু বা ৰঙালী বিহু যে আমাৰ অসমীয়াৰ প্ৰাণ স্বৰুপ তাক
বিহুগীততেই প্ৰকাশ পাইছে-
‘অতিকৈ
চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ
চেনেহৰ মাকো,
তাতোকৈ
চেনেহৰ বহাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো ।‘
বিহুৰ উৎপতি আৰু ইতিহাস সম্পৰ্কে পণ্ডিতসকলৰ
মাজত মতাদৰ্শৰ সীমা নাই । প্ৰাচীন কালত বিহুনৃত্যক যৌনমিললৰ সহায়ক বুলিয়ে এই
নৃত্য-গীত কৰা হৈছিল । এই নৃত্য-গীতত আনন্দ অনুভূতিৰ প্ৰকাশ পায় দৈহিক চঞ্চলতাৰ
মাজেদি । এনে নৃত্য-গীতত অশ্লীল তাৰ গোন্ধ আছে । লোক বিশ্বাস যে নাৰী আৰু পুৰুষে কৃষিক্ষেত্ৰত
নৃত্য-গীত কৰিলে কৃষিৰ উৰ্বৰতা বৃদ্ধি হয় । এনে যৌনগন্ধী নৃত্য-গীতবোৰেই কিছু
নীতি-নিয়মৰ বশৱতী হৈ উৎসৱলৈ পৰিৱৰ্তিত হ’ল ।
বিহুগীতৰ বিষয় বস্ত হ’ল প্ৰেম । বিহুগীতত প্ৰেম আৰু নাৰী
সৌন্দৰ্যৰ বৰ্ণনা আছিল অলংকাৰ স্বৰুপা । সেয়ে বিহুগীতত কৰা নাৰীৰ সৌন্দৰ্যৰ
বৰ্ণনাক কিছুমানে অশ্লীল বুলিও বিবেচনা কৰে ।
বিহুগীতবোৰ যৌৱনৰ
গীত আৰু সেয়ে প্ৰথম যৌৱনত ভৰি দিয়া ডেকা-গাভৰুৰ আশা-আকাংক্ষাবোৰ স্বতঃস্ফৰ্তভাৱে
নিগৰি ওলাই আহে বিহুগীতৰ মাজেদি । প্ৰথম দৰ্শনত দেহ-মন ইতলা হোৱা চেঙেলীয়া গায়—
“প্ৰথমে চালো মই চকুয়ে চকুয়ে
দ্বিতীয়ে চিনাকি হ’লো,
তৃতীয়ে
লাহৰি পিৰীতি কৰিলো
কিনো খাই তোকে পাহৰো ।”
বিহুগীতৰ মাজেৰে প্ৰকাশ পায় প্ৰেমিক-প্ৰেমিকাৰ
সংকল্প লোৱাৰ কথা ।ইজনে সিজনক লগ এৰিব নোৱাৰৰ কথা, আপোন কৰি পোৱাৰ বাবে কঠোৰ
সংকল্প লয় প্ৰেমিকে ।
“দিখৌ নৈ এৰিব পাৰো মই লাহৰী
জাঁজী নৈ এৰিব পাৰো,
তোমাৰ ভাৱনা এৰিব নোৱাৰো
নেখাইয়ো থাকিব পাৰো ।”
“হালৰে বেছিম মই ক’লাকৈ কজলা
গোহালিৰ বেছিমে গাই,
তেওঁ যদি ধনেৰে চেনাই জোৰাব নোৱাৰো
বেচিম সোদৰৰ ভাই ।”
বিহুগীতত বিভিন্ন
ধৰণে নাৰীৰ সৌন্দৰ্যৰ বৰ্ণনা কৰি আহিছে । প্ৰেমিকাৰ ৰুপ বৰ্ণনা কৰি আহিছে ।
প্ৰেমিকাৰ ৰুপ বৰ্ণনা কৰি বিহুবা ডেকাই গায় –
“তোমাৰ বুকুত দুটি যৌৱনৰ টোপোলা
ৰিহা দি থৈছা ঢাকি,
দেখিলে লাহৰী সহিব নোৱাৰো
দেহাই কৰে উজনি ভাটি । ”
“কঁকাল খামুচীয়া
গাল গোলপীয়া
তুমি
কোন সৰগৰ পৰী,
কজলা চকুৰে পদুমি খোজেৰে
নিলাহি মন মোৰ হৰি ।”
“উজাই চালো মই ভটিয়াই চালো মই
তোমাৰ
মান শুৱনী নাই,
দেৱে ঐ মাৰিব মনিছে মাৰিব
তোমাৰ
জানো অকলে পাই ।”